Pages: 1 2
মোৰ লগত আহিছ আহ
কপৌ চৰায়ে ধেমালি কৰা দেখি
তহঁতে ধেমালি নকৰিবিনদীৰ মাজলৈ শিলগুটি নদলিয়াবি
মাছবোৰে দুখ পাব
দুখ পালে বসন্তই দেখা দিব
বাটত বৰষুনে পালে গৰখীয়া ল’ৰাই
কলপাত কাটি দিব
নহলে যে তহঁতৰ জ্বৰ হ’ব
জ্বৰ হ’লে গাঁওখনক দুষিবি
বৰষুনক বেয়া বুলি ক’বি
নৈখনক গালি পাৰিবি
নোসোধে ঐ চহৰৰ ককাই
তহঁতৰ নাম
কলপাত কাটি দিয়া অচিনাকি ল’ৰাইদেখিছনে পাহাৰটোৱে কেনেকৈ লুকুৱাই থলে বেলিক
নৈখনে সিপাৰ-ইপাৰৰ নাওঁবোৰক
গৰখীয়াবোৰে ম’হবোৰক
ওঁঠবোৰে বাহীঁবোৰকৰাতি হ’ল
হে’ৰ চহৰৰ ল’ৰাহঁত
যাগৈ
অচিনাকি চৰাইৰ গানশুনি ভোল নাযাবি
জোঁটাই জোঁটাই পঢ়গৈ টেবুলৰ কিতাপ ৷
Pages: 1 2