Strains of Unknown Birds | অচিনাকি চৰাইৰ গান শুনি

By and | 1 October 2016

মোৰ লগত আহিছ আহ
কপৌ চৰায়ে ধেমালি কৰা দেখি
তহঁতে ধেমালি নকৰিবি

নদীৰ মাজলৈ শিলগুটি নদলিয়াবি
মাছবোৰে দুখ পাব
দুখ পালে বসন্তই দেখা দিব
বাটত বৰষুনে পালে গৰখীয়া ল’ৰাই
কলপাত কাটি দিব
নহলে যে তহঁতৰ জ্বৰ হ’ব
জ্বৰ হ’লে গাঁওখনক দুষিবি
বৰষুনক বেয়া বুলি ক’বি
নৈখনক গালি পাৰিবি
নোসোধে ঐ চহৰৰ ককাই
তহঁতৰ নাম
কলপাত কাটি দিয়া অচিনাকি ল’ৰাই

দেখিছনে পাহাৰটোৱে কেনেকৈ লুকুৱাই থলে বেলিক
নৈখনে সিপাৰ-ইপাৰৰ নাওঁবোৰক
গৰখীয়াবোৰে ম’হবোৰক
ওঁঠবোৰে বাহীঁবোৰক

ৰাতি হ’ল
হে’ৰ চহৰৰ ল’ৰাহঁত
যাগৈ
অচিনাকি চৰাইৰ গানশুনি ভোল নাযাবি
জোঁটাই জোঁটাই পঢ়গৈ টেবুলৰ কিতাপ ৷

This entry was posted in 76: DALIT INDIGENOUS and tagged , . Bookmark the permalink.

Related work:

  • No Related Posts Found

Comments are closed.